কামাখ্যা ৰৌহটক অমৃত ভাৰত বিশেষ ৰে’লখন বিভিন্ন ৰে’ল ষ্টেচনত আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰৰ পৰা ভার্চুৱেলী শুভাৰম্ভ কৰা ডিব্ৰুগড়-লক্ষ্ণৌ অমৃত ভাৰত ৰেলগাড়ীখনৰ যাত্ৰাৰ সৈতে সংগতি ৰাখি চৰাইদেউ জিলাৰ মৰাণ ৰেল ষ্টেচন আৰু শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে’ল জংচনত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। স্থানীয় ৰাইজ আৰু ৰে’ল বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে’লখনক প্ৰথমে মৰাণ ৰে’ল ষ্টেচন আৰু পাছত শিমলুগুৰি ৰে’ল জংচনত আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে, অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীত যাত্ৰীৰ সুৰক্ষাৰ বাবে কেতবোৰ অত্যাধুনিক প্রযুক্তি সংযোজন কৰা হৈছে। ৰে’লগাড়ী দুখনৰ শীত-তাপ নিয়ন্ত্রিত নোহোৱা ডবাসমূহতো অর্ধস্বয়ংক্রিয় কাপলাৰ, অগ্নি নির্বাপণ প্ৰণালী আৰু টকবেক ইউনিটকে ধৰি অত্যাধুনিক সুৰক্ষা ব্যৱস্থা ৰখা হৈছে। ডিব্ৰুগড় বাণীপুৰ ৰে’ল ষ্টেচনত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তথা প্রাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, কেবিনেট মন্ত্রী প্রশান্ত ফুকন, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী, মেয়ৰ ডাঃ সৈকত পাত্ৰকে ধৰি ৰে’ল বিভাগৰ বিষয়াববীয়া উপস্থিত থাকে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যাত্ৰাৰ শুভাৰম্ভ কৰা কামাখ্য ৰৌহটক অমৃত ভাৰত বিশেষ ৰে’লখন বৰপেটাৰোড ষ্টেচনত আদৰণি জনোৱা হয়। এই উপলক্ষে বৰপেটা ৰোড ৰে’ল ষ্টেচন কৰ্তৃপক্ষই এটা বিশেষ অনুষ্ঠানত আয়োজন কৰে। দুপৰীয়া ষ্টেচনটো ৰে’লগাড়ীখন আহি ৰোৱাৰ লগে লগে ৰে’লখন পৰিচালনাৰ সৈতে জড়িত সকলোকে আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে, বৰপেটা ৰোডটো ষ্টপেজ থকা ৰে’লখনৰো বাবে কেইবাখনো জিলাৰ ৰাইজ যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ’ব বুলি আশা কৰা হৈছে। একেদৰে বাণিজ্যিক চহৰখনৰ পৰা বয়বস্তু পৰিবহণৰ ক্ষেত্ৰতো ৰে’লখনে সহায় কৰিব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানত স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰো উপস্থিত থাকে।