June 28, 2025 9:37 PM

printer

কামাখ্যা মন্দিৰত সপৰিয়ালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা; সোণাৰাম খেলপথাৰৰ পৰা কামাখ্যা মন্দিৰলৈ হ’ব ৰ’পৱে

  • অম্বুবাচী মহাযোগৰ নিবৃত্তিৰ পাছত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সপৰিয়ালে কামাখ্যা মন্দিৰ দৰ্শন কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এইবছৰ অম্বুবাচী মহাযোগ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে পৰ্যটন বিভাগ, মন্দিৰ পৰিচালনা সমিতিৰ লগতে পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকো ধন্যবাদ জনায়। মন্দিৰ পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাৰাম খেলপথাৰৰ পৰা কামাখ্যালৈ ৰ’পৱে নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা ধামলৈ নিৰ্মীয়মান ৰ’পৱেৰ কাম পূর্ণ গতিত চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে।