কানাডাৰ সাংসদ চন্দ্ৰ আয়ই খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে কঠোৰ চৰকাৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ দাবী জনাবলৈ কানাডাৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলক আহ্বান

কানাডাৰ সাংসদ চন্দ্ৰ আয়ই খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে এই ক্ষেত্ৰত কঠোৰ চৰকাৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাবলৈ কানাডাৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলক আহ্বান জনাইছে। সামাজিক মাধ্যমত দিয়া এটা ব্রাতাত শ্রী আয়ই ব্ৰিটিছ কলম্বিয়াৰ লক্ষ্মী নাৰায়ণ মন্দিৰত খালিস্তানপন্থীয়ে চলোৱা এটা আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰি কানাডাত খালিস্তানী সন্ত্ৰাসবাদৰ প্ৰভাৱ বৃদ্ধিৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰে। এই সন্ত্ৰাসবাদী শক্তিবোৰ ক্ৰমান্বয়ে অধিক সংগঠিত হৈ হিন্দুৰ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা চলোৱা বুলিও তেওঁক সকিয়াই দিয়ে। আনহাতে, ভেংক’ভাৰৰ খালচা ডিৱান ছ’চাইটি গুৰুদ্ধাৰৰ বেৰত খালিস্তান শব্দটো লিখাৰ বিষয়টোক লৈও সাংসদ আয়ই প্রতিক্রিয়া ব্যক্ত কৰে। ৰছ ষ্ট্রীট গুৰুদ্ধাৰ হিচাপেও জনাজাত এই ধর্মীয়স্থানত খালিস্তানপন্থীয়ে সংঘটিত কৰা এই কাৰ্যই শিখ সম্প্ৰদায়ৰ লোকসকলক অসন্তুষ্ট কৰি তোলাৰ সময়তে তেওঁ কয়, যে সন্ত্রাসবাদী গোটবোৰে শিখ ধর্মীয় প্রতিষ্ঠানকো লক্ষ্য হিচাপে লৈছে। এনেবোৰ বিষয়ক লৈ মৌনতা অৱলম্বন কৰাৰ পৰিৱৰ্তে জৰুৰী তথা নিৰ্দিষ্ট কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰ-প্ৰশাসনক দাবী জনাবলৈ তেওঁ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়।