প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চলিত মাহত কানাডাৰ কানানাস্কিসত হ’বলগীয়া জি-ছেভেন সন্মিলনত উপস্থিত থাকিব। কালি কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্নেৰ সৈতে প্ৰধানমন্ত্রী শ্রী মোদীয়ে এই সংক্ৰান্তত টেলিফোনিক বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কানাডাৰ শেহতীয়া নিৰ্বাচনত মার্ক কার্নেই বিজয় লাভ কৰা বাবে শুভেচ্ছা জনোৱাৰ লগতে কানানাস্কিসত হ’বলগীয়া জি-ছেভেন সন্মিলনত আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, যে ভাৰত আৰু কানাডাই পৰস্পৰ স্বাৰ্থজড়িত বিষয়সমূহত একেলগে কাম কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়, যে এই সন্মিলনৰ সময়ছোৱাত তেওঁ কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ আগ্রহী।
বিশ্বৰ সাতখন দেশৰ এই সন্মিলন জি-ছেভেন চলিত মাহৰ ১৫ৰ পৰা ১৭ জুনলৈ কানাডাৰ কানানাস্কিসত অনুষ্ঠিত হ’ব। কানাডাৰ ৰাজধানী অর্টৱাত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দেশখনৰ প্ৰধানমন্ত্ৰী মার্ক কার্নেই কয়, যে জি-ছেভেন সন্মিলনত উদিয়মান আৰু উন্নয়নশীল দেশসমূহৰ সৈতে বৈদেশিক অংশীদাৰিত্বৰ ক্ষেত্ৰত আলোকপাত কৰা
হ’ব।
Site Admin | June 7, 2025 10:09 AM | PM Modi attend on G7 summit Canada
কানাডাত হ’বলগীয়া জি-ছেভেন সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব
