কাঠমাণ্ডুৰ বানেশ্বৰত আজি জেন জি অর্থাৎ নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলোৱা গুলীচালনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছে। প্ৰধানমন্ত্রী কে পি শর্মা অলীয়ে আজি সন্ধিয়া কাঠমাণ্ডুত নিজৰ বাসগৃহত মন্ত্ৰী পৰিষদ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মাজত জৰুৰী বৈঠকৰ আহ্বান কৰিছে।
চৰকাৰে শেহতীয়াকৈ মুখ্য সামাজিক মাধ্যমৰ মঞ্চসমূহত নিষেধাজ্ঞা, আৰোপ কৰাৰ ফলত এই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে। নিৰাপত্তাৰক্ষীৰ লোকে প্রথমে কন্দুৱা গেছ, ৰাবাৰৰ গুলী ব্যৱহাৰ কৰি প্ৰতিবাদকাৰীসকলক ছত্রভংগ দিয়াৰ চেষ্টা কৰে যদিও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। প্রাথমিক তথ্য অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৫ জনৰ ট্ৰমা কেন্দ্ৰত, দুজনৰ অসামৰিক চিকিৎসালয়ত আৰু এখন লোকৰ কাঠমাণ্ডু চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। একাংশ ভুক্তভোগীৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই। কাঠমাণ্ডু গিলা প্রশাসনে বানেশ্বৰ, টিনকুনে আৰু ৰাষ্ট্ৰপতিৰ কাৰ্যালয় আৰু সিংহদৰবাৰৰ দৰে ৰাজধানীৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত দিনৰ ১২.৩০ বজাৰ পৰা নিশা ১০ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে।
উল্লেখযোগ্য যে যোৱা ৪ চেপ্তেম্বৰৰ পৰা ফেচবুক, ইনষ্টাগ্ৰাম, এক্স, ইউটিউব আদি পঞ্জীয়নভুক্ত নোহোৱা মুখ্য সামাজিক মাধ্যমৰ মঞ্চসমূহৰ ওপৰত দেশজুৰি বলবৎ কৰা নিষেধাজ্ঞাৰ ফলতেই এই প্ৰতিবাদ আৰম্ভ হৈছিল।
Site Admin | September 8, 2025 9:39 PM | Akashvani | Akashvani News | Kathmandu | Nepal
কাঠমাণ্ডুৰ বানেশ্বৰত নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাত ১৪ জন লোকৰ মৃত্যুৰ লগতে ১০০ জনৰো অধিক লোক আহত
