ডাউনলোড
মোবাইল এপ

android apple
signal

August 27, 2025 11:54 AM | Train Cancel

printer

কাটৰা, উধমপুৰ আৰু জম্মু ৰে’লৱে ষ্টেচনৰ পৰা যাবলগীয়া ১৮খন ৰে’লৰ যাত্ৰা বাতিল

জম্মু অঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ ৰে’লৱেই কাটৰা, উধমপুৰ আৰু জম্মু ৰে’লৱে ষ্টেচনৰ পৰা যাবলগীয়া ১৮ খন ৰে’লৰ যাত্ৰা বাতিল কৰিছে। ৰে’ল মন্ত্ৰ্যালয়ৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি চাৰিখন ৰে’লৰ যাত্ৰা চমু কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বাতিল কৰা ৰে’লগাড়ীসমূহৰ ভিতৰত ৭ খনে কাটৰা, দুখনে উধমপুৰ আৰু এখনে জন্মৰ পৰা যাত্ৰা কৰাৰ কথা আছিল মন্ত্ৰ্যালয়ে কাটৰা আৰু উধমপুৰলৈ বুলি যাবলগীয়া কেইবাখনো ৰে’ল বাতিল কৰা বুলিও প্ৰকাশ কৰিছে।অৱশ্যে কাটৰা-শ্ৰীনগৰ অংশত ৰে’লযাত্ৰা পূৰ্বৰ দৰে চলি আছে। বিগত সোমবাৰৰ নিশাৰ পৰা অঞ্চলটোত হৈ থকা ধাৰাষাৰ বৰষুণে কেইবাখনো দলং ক্ষতিগ্রস্ত কৰাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ নিৰাপত্তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৰষুণৰ বাবে টাৱি, চেনাব, নেৰু, কালনাই আদিৰ দৰে প্ৰধান নৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। বতৰৰ বাবে সীমান্ত সুৰক্ষা বাহিনীয়ে জন্মৰ পালৌৰা কেম্পত কনিষ্টবলৰ নিযুক্তিৰ বাবে হ’বলগীয়া পৰীক্ষাও বাতিল কৰিছে।