কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন পর্যটনস্থলীক নতুন ৰূপ দিয়াৰ প্ৰয়াসেৰে উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত গুৰুত্ব আৰোপ কৰিছে। ড’নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰা মতে কাজিৰঙা, জিৰ’, ছ’হৰা, ঠেনজল, মাতাবাৰী, কিছামা, নামছি আৰু মৈৰাঙক বিশ্বমানৰ পৰ্যটনস্থলী কৰি তোলাৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। উত্তৰ-পূবক ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ অঞ্চলটোত পর্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ পৰিৱৰ্তন সাধন কৰিব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি প্রতিখন ৰাজ্যতে কেতবোৰ বিশেষ সামগ্ৰীৰ প্ৰচাৰৰ বাবে অভিলাষী আঁচনি লোৱা হৈছে। ইয়াৰ বাবে অসমৰ মুগা, মেঘালয়ৰ লেকাডং হালধি, মণিপুৰৰ প’ল’, ছিকিমৰ জৈৱিক কৃষি আৰু ত্ৰিপুৰাৰ কুইন প্ৰজাতিৰ আনাৰসক বিশ্বজুৰি জনপ্ৰিয় কৰাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। উত্তৰ-পূবৰ সম্ভাৱনাপূর্ণ পর্যটন খণ্ডক আগুৱাই নিয়াৰ লক্ষ্যৰে অঞ্চলটোৰ ৮ খন ৰাজ্যত বিমান বন্দৰৰ সংখ্যা ১৭ লৈ বৃদ্ধি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তদুপৰি ভৌগোলিক পৰ্যটনৰ ধাৰণাটো জনপ্রিয় কৰিবলৈ বহনক্ষম কাৰ্যসূচী লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শেহতীয়াকৈ হোম ষ্টে আৰু ভৌগোলিক পৰ্যটনৰ পৰিসৰ ৪৫ শতাংশ বৃদ্ধি হৈছে বুলিও তেওঁ কয়। তেওঁ লগতে পর্যটন, বিনিয়োগ, হস্তশিল্প, কৃষি আন্তঃগাঁথনি, ক্রীড়া আৰু উত্তৰ-পূবক অর্থনৈতিক কৰিড’ৰ হিচাপে গঢ়ি তুলিবলৈ কর্ম বাহিনী গঠনত গুৰুত্ব আৰোপ কৰে। উত্তৰ-পূবৰ পৰা ৰপ্তানি বৃদ্ধি কৰাৰ বাবে নতুন প’র্টেল মুকলি কৰা হৈছে বুলিও তেওঁ কয়।
২০২৯ চনৰ ভিতৰত উত্তৰ পূবৰ সকলো ৰাজ্য সম্পূৰ্ণৰূপে ৰে’ল সংযোগেৰে কাৰ্যক্ষম হৈ উঠিব বুলিও তেওঁ উল্লেখ কৰে। ভাৰত ম্যানমাৰ থাইলেণ্ড ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্পই উত্তৰ-পূৰ্বাঞ্চলক নতুন ৰূপ দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দুৱাৰ মুকলি কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। উল্লেখযোগ্য যে ২০২৪-২৫ বিত্তীয় বর্ষত ড’নাৰ মন্ত্ৰ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ৩ হাজাৰ ৪৪৭ কোটি ৭১ লাখ টকা ব্যয় কৰিছিল। পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত এই হাৰ ৭৪ শতাংশ অধিক। চলিত বছৰৰ নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ৰাইজিং নৰ্থ ইষ্ট শীর্ষক বিনিয়োগ সন্মিলনৰ অভিজ্ঞতা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে এই সন্মিলনত ১০০ তকৈ অধিক ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানে অংশগ্ৰহণ কৰে।