কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ কৰা চৰাই গণনাত ১৪৬ বিধ চৰাইৰ প্রজাতি চিনাক্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শেহতীয়াকৈ কৰা চৰাই গণনাত ১৪৬ বিধ চৰাইৰ প্রজাতি চিনাক্ত কৰা হৈছে। ‘কাতি বিহু চৰাই গণনা, ২০২৫’ কার্যসূচীত SWAMP GRASS BABBLER আৰু PALLAS FISH EAGLE কে ধৰি দুটা বিপন্ন প্ৰজাতিৰ আৰু ১৯১৯ টা চৰাই ব্যক্তিগতভাবে গণনা কৰা হয়। অসম চৰাই নিৰীক্ষণ নেটৱৰ্ক আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ সহযোগত এই চৰাই গণনা কৰা হয়। অগৰাতলীত সর্বাধিক ৮৯ বিধ প্রজাতি, গমিৰি আৰু পাণবাৰীত ৫৯ বিধ, পাণপুৰত ৫৫ বিধ আৰু লাওখোৱাত ৩৭ বিধ প্ৰজাতিৰ চৰাই গণনা কৰা হৈছে।