ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 6, 2024 12:53 PM | Kaziranga Flood

printer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন চলাচলৰ কিছু সাল সলনি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ কিছু সাল সলনি ঘটোৱা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যাবলগীয়া যাত্রীবাহী আৰু বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসৰি পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত নুমলীগড় তিনিআলি হৈ বাণিজ্যিক ট্ৰাকৰ প্ৰৱেশত অনুমতি দিয়া হৈছে। ইফালে, পানবাৰী, বোকাখাট আৰু বাগৰিসীমা হৈ বাণিজ্যিক ট্রাকসমূহে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত নিয়ন্ত্রিত গতিবেগত চলাচল কৰিব পাৰিব। বিয়লি ৪ বজাৰ পৰা পুৱা ৮ বজালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাণিজ্যিক ট্ৰাকৰ প্ৰবেশত বাধা আৰোপ কৰা হৈছে। আনহাতে, ব্যক্তিগত আৰু বাণিজ্যিক সকলো যাত্রীবাহী বাহনৰ চলাচল আৰক্ষী আৰু বন বিভাগে নিৰ্ধাৰিত কৰি দিয়া গতিবেগত প্ৰতি আধা ঘণ্টাৰ মূৰত ২৪ ঘণ্টাই চলাচল কৰিব পাৰিব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।