November 2, 2025 7:29 PM | Kohora Division Open

printer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা সংমণ্ডল পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা সংমণ্ডল আজি পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। বন মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে কঁহৰা সংমণ্ডলৰ প্ৰৱেশদ্বাৰ মিহিমুখত আনুষ্ঠানিকভাৱে সংমণ্ডলটো মুকলি কৰে। এতিয়াৰে পৰা পৰ্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰি উদ্যানখনৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব। আজি এই কাৰ্যসূচীত বন মন্ত্ৰীৰ সৈতে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি, বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চলৰ কিছু অংশ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। সম্প্ৰতি কঁহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা দাফলাং হৈ বৰুণটিকালৈ পৰ্যটকে জীপ চাফাৰি কৰিব পাৰিব। বন মন্ত্ৰীগৰাকীয়ে আজি কঁহৰা বনাঞ্চল মুকলি কৰি এইবাৰ উদ্যানখনলৈ আৰু অধিক পৰ্যটকৰ আগমন হ’ব বুলি আশা প্রকাশ কৰে।
ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষ আৰু ডব্লিউ টি আৰ পিৰ উদ্যোগত আজি মিহিমুখত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই কাজিৰঙা ৰাইন’ ৰাণ শীৰ্ষক মাৰাথন প্রতিযোগিতা অনুষ্ঠিত হয়। এটা খৰ্গযুক্ত গঁড়ৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা এই মাৰাথনত অসমৰ উপৰি মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু মণিপুৰৰ তিনি শতাধিক প্রতিযযোগীয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।