কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে কৰা পক্ষী সমীক্ষাত ৪৩টা প্ৰজাতিৰ পক্ষীৰ তথ্য পোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে কৰা পক্ষী সমীক্ষাত ৪৩টা প্ৰজাতিৰ পক্ষীৰ তথ্য পোৱা গৈছে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই সমীক্ষাত কম্পিউটাৰ প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে শব্দ বাণীবদ্ধ কৰা কিছু আহিলা স্থাপন কৰাৰ পাছত তাত বাণীবদ্ধ হোৱা শব্দসমূহ বিশ্লেষণ কৰা হয়। এই পদক্ষেপৰ সৈতে জড়িত সমগ্ৰ দলটোক প্ৰশংসা কৰি শ্ৰীমোদীয়ে দেশৰ জৈৱ বিচিত্ৰতাৰ আন্তৰ্জাতিক স্বীকৃতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এনে পদক্ষেপসমূহৰ সংবর্ধন হোৱা উচিত বুলি মত প্রকাশ কৰে। শ্ৰীমোদীয়ে কাজিৰঙাৰ অতুলনীয় সৌন্দৰ্যৰ কথা প্ৰকাশ কৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিপন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থানৰ বিষয়ে উল্লেখ কৰে। তেওঁ প্ৰথমবাৰৰ চলোৱা এই তৃণভূমিৰ চৰাইৰ জৰীপৰ শলাগ লৈ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্ৰহণ প্ৰচেষ্টা আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।