ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে সোমবাৰৰ পৰা বন্ধ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে সোমবাৰৰ পৰা বন্ধ হ’ব। ৰাষ্ট্ৰীয় উদ্যানখনত ২০২৪-২৫ পর্যটন বৰ্ষৰ অন্ত পৰিব। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই যোৱা ১ মে’ত হাতী চাফাৰী বন্ধ কৰিছিল। হাতী চাফাৰী বন্ধ হোৱাৰ পাছত পৰ্যটকৰ বাবে উদ্যানখনত জীপ চাফাৰী উপলব্ধ আছিল। ২০২৪-২৫ পর্যটন বর্ষত প্রায় ৫ লক্ষ পর্যটকে কাজিৰঙা দৰ্শন কৰাৰ লগতে ১০ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ উদ্যান কর্তৃপক্ষ সমর্থ হৈছে। এই পর্যটন বৰ্ষটো কাজিৰঙাৰ বাবে উল্লেখযোগ্য বর্ষ বুলি উদ্যান কর্তৃপক্ষই প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।