কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত শেহতীয়াকৈ দেশী-বিদেশী পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। চলিত পর্যটন বৰ্ষৰ বিগত ৫ টা মাহত আঢ়ৈ লক্ষাধিক পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰিছে। এই সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ৬ কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ কৰিছে। বিগত সময়ছোৱাত অতি কম দিনৰ ব্যৱধানত ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰখন ভ্ৰমণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কাজিৰঙাত নিশা কটাই ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্য উপভোগ কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা বছৰ অক্টোবৰত পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰাৰ পাছত সেই মাহটোতে ৫৯৩ গৰাকী বিদেশী আৰু ২৮ হাজাৰ ৯৮৬ গৰাকী দেশী পর্যটকসহ মুঠ ২৯ হাজাৰ ৫৭৯ গৰাকী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰে। নৱেম্বৰত দুহেজাৰ ৮৬৯ গৰাকী বিদেশী আৰু ৪৯ হাজাৰ ১৫২ গৰাকী দেশী পৰ্যটকসহ মুঠ ৫২ হাজাৰ ২১ গৰাকী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে। ডিচেম্বৰত দুহেজাৰ ৪৮ গৰাকী বিদেশী পৰ্যটক আৰু ৭৮ হাজাৰ ৫৭ গৰাকী দেশী পৰ্যটকসহ মুঠ ৮০ হাজাৰ ১০৫ গৰাকী পৰ্যটকে বিশ্ব ঐতিহ্য ক্ষেত্ৰখন পৰিদৰ্শন কৰে। জানুৱাৰীত দুহেজাৰ ৬ গৰাকী বিদেশী পৰ্যটক আৰু ৬২ হাজাৰ ৮৩৮ গৰাকী দেশী পর্যটকসহ মুঠ ৬৪ হাজাৰ ৮৪৪ গৰাকী পৰ্যটকে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰে। ফেব্ৰুৱাৰীত দুহেজাৰ ১৯৫ গৰাকী বিদেশী পৰ্যটক আৰু ৩১ হাজাৰ ১৪৮ গৰাকী দেশী পৰ্যটকসহ মুঠ ৩৩ হাজাৰ ৩৪৩ গৰাকী পৰ্যটকৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন ঘটিছে।
ইপিনে কাজিৰঙাত দুদিনীয়াকৈ অনুষ্ঠিত হাতী স্বাস্থ্য সেৱা শিবিৰৰ কালি সামৰণি পৰে। এই শিবিৰত দেশ-বিদেশৰ ২৮ গৰাকী পশু চিকিৎসকে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।