ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষত বাঘ নিৰীক্ষণ কৰিবলৈ কেমেৰা সংস্থাপনৰ কাম আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষত বাঘ নিৰীক্ষণ কৰিবলৈ কেমেৰা সংস্থাপনৰ কাম আৰম্ভ কৰা হৈছে। উদ্যানখনৰ লাওখোৱা বুঢ়াচাপৰিৰ লগতে কেইবাটাও এলেকাত এই কাম সম্পন্ন হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষে প্রকাশ কৰে। তেওঁ কয়, যে পশু-পক্ষীৰ বিচৰণৰ সুবিধাৰ্থে নিয়ন্ত্ৰিতভাৱে বনাঞ্চলৰ আংশিক দাহ কাৰ্য সম্পূৰ্ণ হোৱা এলেকাসমূহত কেমেৰা সংস্থাপন কৰা হৈছে। তেওঁ লগতে কয়, যে যোৱা বছৰ সংস্থাপন কৰা কেমেৰাৰ পৰা লাভ কৰা ৮ লাখ আলোকচিত্ৰৰ পৰা বাঘ গণনা প্রক্রিয়া চলি আছে। সঞ্চালকগৰাকীয়ে কয়, যে উদ্যানখনত সম্প্ৰতি ১০৪টা বাঘৰ অৱস্থিতি আছে যদিও অনাগত সময়ত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, বিগত তিনি মাহত এক লাখ ৯৬ হাজাৰৰো অধিক দেশী-বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। উদ্যানখনত পৰ্যটকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড০ ঘোষে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই পৰ্যটকসকলৰ ভিতৰত  ১,৯০,০৪৭ গৰাকী দেশীয় আৰু ৬৯২৩ গৰাকী বিদেশী পর্যটক। উল্লেখযোগ্য যে, যোৱা মাহত ৬৪ হাজাৰ ৮৪৪ গৰাকী দেশী-বিদেশী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্রমণ কৰে। ইয়াৰে ২০০৬ গৰাকী বিদেশী পর্যটক বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰিছে৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।