ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অগৰাতলী বনাঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অগৰাতলী বনাঞ্চল পৰিদৰ্শন কৰে। কাজিৰঙাৰ আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় বৈঠকত উপস্থিত থাকি পৰৱৰ্তী ৫ বছৰত দেশৰ আভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ৫০ হাজাৰ কোটিতকৈও অধিক টকা বিনিয়োগ কৰা হ’ব বুলি তেওঁ সদৰি কৰে। লগতে মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাষ্ট্ৰীয় জলপথৰ পাৰত বসবাস কৰি থকা লোকসকলৰ জীৱন-যাপনৰ মান উন্নত কৰাৰ বাবে আন্তঃগাঁথনিৰ বিকাশ, বাণিজ্য আৰু পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে দক্ষতা বৃদ্ধিৰ বাবে তথা নৈপৰীয়া লোকসকলৰ নদী সম্পৰ্কীয় পৰম্পৰাগত জ্ঞান বঢ়োৱাৰ বাবে নদীকেন্দ্ৰিক জনগণৰ হকে সামূহিক উন্নয়ন আঁচনি গ্ৰহণ কৰা হৈছে। সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাও উপস্থিত থাকে। ড° শৰ্মাই ২০৪৭ চনৰ বিকশিত ভাৰত গঢ়ি তোলাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহ প্ৰশংসনীয় বুলি নিজৰ ভাষণত উল্লেখ কৰে।