কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনসূচী ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে বন্ধৰ ঘোষণা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনসূচী ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে বন্ধৰ ঘোষণা কৰি হৈছে। সেই অনুসৰি পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ হাতী ছাফাৰী অহা এক মে’ৰ পৰা আৰু জীপ ছাফাৰী ১৬ মে’ৰ পৰা বন্ধ ৰখা হ’ব। প্ৰতিকূল বতৰ আৰু বাট-পথৰ অসূচল অৱস্থাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে।