কাজিৰঙাৰ কহঁৰাস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত ৩ দিনীয়া কাৰ্যসূচীৰে প্রকৃতি সম্পর্কে কৰ্মশালা অনুষ্ঠিত

■ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত আৰু আজিম প্রেমজী বিশ্ববিদ্যালয়, বেচৰকাৰী স্বেচ্ছাসেবী সংগঠন আৰণ্যক, কৰবেট ফাউণ্ডেশ্যন, নেচনেল বুক ট্রাষ্ট অফ ইন্ডিয়া, বিশ্ব প্রকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ সহযোগত কাজিৰঙাৰ কহঁৰাত অৱস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে কালি প্রকৃতি সম্পর্কে লিখা এখন কৰ্মশালা আৰম্ভ হয়। ৪ মেলৈকে অনুষ্ঠিত হবলগীয়া এই কর্মশালা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। বনকৰ্মী গীতাঞ্জলি কলিতাই আঁত ধৰা কৰ্মশালাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বোকাখাত, দেৰগাঁও, তেজপুৰ, বিশ্বনাথ, কলিয়াবৰকে আদি কৰি বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰায় অর্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক প্ৰকৃতি সম্পৰ্কে লিখাৰ পদ্ধতি, চিত্র প্রস্তুত আদি সম্পৰ্কে তথ্য আৰু লেখ চিত্ৰৰ দ্বাৰা বিভিন্ন উপস্থাপনৰ প্ৰশিক্ষণ আগবঢ়োৱা হয়।