ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাজিৰঙাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আজি সামৰণি

কাজিৰঙাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আজি সামৰণি পৰে। কাজিৰঙাৰ লগতে অসমৰ পৰ্যটনক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয় আৰু অসম পৰ্যটন বিভাগে এই আন্তৰাষ্ট্ৰীয় মেলাৰ আয়োজন কৰিছিল।

কেবাখনো দেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ট্যুৰ অপাৰেটৰ আৰু প্ৰতিনিধিসকলে এই মেলাত অংশগ্ৰহণ কৰে। ইটালী, স্পেইন, শ্রীলংকা, আফগানিস্তান, ৰাছিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটন প্রতিনিধিসকলে ইয়াত অংশ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ চাহ শিল্পৰ ভূয়সী প্ৰশংসা কৰে। এই অনুষ্ঠানৰ পাছত কাজিৰঙালৈ অধিক পৰ্যটকৰ আগমন হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।