ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 13, 2024 11:52 AM | asian table tennis

printer

কাজাখস্তানৰ আষ্টানাত এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ মহিলা যুটীটো ছেমি ফাইনেলত প্ৰৱেশ

কাজাখস্তানৰ আষ্টানাত চলি থকা চলিত বৰ্ষৰ এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ এক নম্বৰ মহিলা যুটী ঐহিকা মুখার্জী আৰু সুতীৰ্থা মুখাৰ্জীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰি দেশৰ হৈ এটা ঐতিহাসিক পদক নিশ্চিত কৰিছে। এছিয়ান চেম্পিয়নশ্বিপৰ ডাবলছত পদক নিশ্চিত কৰা ঐহিকা আৰু সুতীৰ্থা হৈছে ভাৰতৰ প্ৰথম মহিলা যুটী। কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ যুটীটোৱে কোৰিয়া গণৰাজ্যৰ যুটীক পৰাজিত কৰে। আজি হ’বলগীয়া ছেমি ফাইনেলত ভাৰতীয় যুটীটো জাপানৰ মিৱা হাৰিমোটো আৰু মিয়ু কিহাৰাৰ সন্মুখীন হ’ব। ভাৰতীয় যুটীটোৱে যোৱাবছৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। ইপিনে, পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মানুষ শ্বাহ আৰু মানৱ থক্কড়ে দক্ষিণ কোৰিয়াৰ প্রতিদ্বন্দ্বীৰ হাতত পৰাজিত হ’বলগীয়া হয়। আজি এই প্ৰতিযোগিতাৰ সামৰণি পৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।