ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 5, 2024 1:31 PM | Boxing

printer

কাজাখস্তানত অনুষ্ঠিত এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং প্রতিযোগিতাত চাৰিগৰাকী ভাৰতীয় বক্সাৰৰ ফাইনেলত প্ৰৱেশ

কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত ২২ বছৰৰ অনুৰ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং প্রতিযোগিতাত চাৰিগৰাকী ভাৰতীয় বক্সাৰ আকাশ গোৰখা, বিশ্বনাথ সুৰেশ, নিখিল আৰু প্ৰীত মালিকে পুৰুষৰ ২২ বছৰ অনুৰ্ধৰ শাখাত ফাইনেলত প্ৰৱেশ কৰিছে। এই সফলতাই বিভিন্ন শাখাত ভাৰতীয় বক্সাৰে লাভ কৰা পদক সংখ্যা ৪৩লৈ বৃদ্ধি কৰিলে। আকাশ গোৰখাই ৬০ কিলোগ্রাম শাখাৰ ছেমি ফাইনেলত উজবেকিস্তানৰ ইলিয়াছ’ভ ছায়াতক ৫-০ ফলাফলত পৰাস্ত কৰে। বিশ্বনাথে ৪৮ কিলোগ্রাম শাখাত ফিলিপাইনছৰ বাৰিকুআত্ৰ’ ব্রায়ানক ৫-২ ফলাফলত পৰাস্ত কৰে। একেদৰে নিখিলে ৫৭ কিলোগ্ৰাম শাখাত আৰু প্ৰীতে ৬৭ কিলোগ্ৰামশাখাত ৫-২ ফলাফলত ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বী খেলুৱৈক পৰাস্ত কৰে। ইপিনে, ৫১ কিলোগ্রাম শাখাত এম. যদুমণি সিং, ৬৩ দশমিক পাঁচ কিলোগ্রাম শাখাত অজয় কুমাৰ, ৭১ কিলোগ্রাম শাখাত অংকুশ, ৮০ কিলোগ্রাম শাখাত ধ্ৰুৱ সিং, ৮৬ কিলোগ্রাম শাখাত জুগনু আৰু ৯২ কিলোগ্ৰাম শাখাত যুৱৰাজ ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিব লগা হয়। উল্লেখযোগ্য যে, এই প্রতিযোগিতাখনত ২৫টা ওজন শাখাত চীন, ভাৰত, কাজাখস্তান আৰু উজবেকিস্তানকে ধৰি ২৪ খনৰো অধিক দেশৰ ৩৯০ৰো অধিক বক্সাৰে অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।