কাছাৰ জিলাৰ ধলাই সমজিলাত অসম-মিজোৰাম সীমান্ত উৎসৱ অনুষ্ঠিত

অসম আৰু মিজোৰামৰ সীমান্তৱৰ্তী জনগোষ্ঠীসমূহৰ মাজত সৌহাৰ্যপূৰ্ণ সম্পৰ্কৰ বান্ধোন সুদৃঢ় কৰাৰ লগতে সংস্কৃতি আৰু ক্ৰীড়া ক্ষেত্ৰতো আন্তঃসম্পর্ক উন্নত কৰাৰ লক্ষ্যৰে আজি কাছাৰ জিলাৰ ধলাই সমজিলাত অসম-মিজোৰাম সীমান্ত উৎসৱ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ উদ্যোগত ছেলে ফিল্ডত আয়োজন কৰা এই উৎসৱত ৰাজ্য দুখনৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি প্ৰদৰ্শন কৰা হয়। ৰাজ্য দুখনৰ কৃষ্টি-সংস্কৃতি সমজোৱাকৈ তুলি ধৰিবলৈ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, নৃত্য, সাজ-পোচাক ইত্যাদি এই উৎসৱত প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত কাছাৰ জিলাৰ আয়ুক্ত মৃদুল যাদৱ, মিজোৰামৰ কলাছিব জিলাৰ আয়ুক্ত ৰবাৰ্ট চি লালমাঙ্গাইহা আৰু সাংসদ পৰিমল শুক্লবৈদ্য উপস্থিত থাকে। উৎসৱৰ লগত সংগতি ৰাখি বাম নিত্যানন্দ চৰকাৰী বিদ্যালয়ৰ খেলপথাৰত কাছাৰ আৰু মিজোৰামৰ খেলুৱৈসকলৰ মাজত প্রীতি ফুটবল আৰু ভলীবল প্রতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ লগতে দুয়োখন ৰাজ্যৰ সাংস্কৃতিক সমন্বয়ক প্ৰতিনিধিত্ব কৰি ধলাই সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত এটা আকর্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।