শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি কাছাৰ জিলাৰ কেইবাখনো বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিলচৰত তেওঁ ৰাধা মাধৱ মহাবিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। ডঃ পেগুক মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে নিজে প্ৰস্তুত কৰা থলুৱা অসমীয়া আৰু মণিপুৰী গামোচাৰে সম্বৰ্ধনা জনায়। শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলৰ দক্ষতাৰ শলাগ লয়। তেওঁ লগতে নিয়োগ সৃষ্টিত সহায়ক হোৱাকৈ শিক্ষাৰ সমান্তৰালভাৱে দক্ষতাৰ বিকাশত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পূৰ্বে তেওঁ শিলচৰ পলিটেকনিক প্রতিষ্ঠান পৰিদৰ্শন কৰি প্ৰতিষ্ঠানখনৰ আন্তঃগাঁথনি আৰু শৈক্ষিক দিশৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে প্ৰতিষ্ঠানখনত প্ৰায় ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণৰত উৎকৃষ্টতা কেন্দ্ৰটোও পৰিদৰ্শন কৰে। ড° পেগুৱে আজি কাছাৰ জিলাৰ শালচাপ্ৰা খণ্ডৰ অন্তৰ্গত অতি ভিতৰুৱা ৰোজকান্দি চাহবাগিচা পৰিদৰ্শন কৰি চাহবাগানৰ ইদ্রিছ আলী আনছাৰি মধ্য ইংৰাজী বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত ভাগ লয়। শিক্ষামন্ত্ৰীগৰাকীয়ে অঞ্চলটোত এখনো উচ্চ মাধ্যমিক বিদ্যালয় নথকাৰ বাবে অঞ্চলবাসীয়ে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এমাহৰ ভিতৰত মধ্য ইংৰাজী বিদ্যালয়খন উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি জনসাধাৰণক আশ্বাস দিয়ে। পুৱাৰ ভাগত তেওঁ শিলচৰৰ নৰচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীসকলৰ সৈতে প্ৰাৰ্থনা সভাত অংশ লয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এই বিদ্যালয়খনত নতুন ভৱন নিৰ্মাণৰ বাবে ইতিমধ্যে ৭ কোটি ৫০ লাখ টকাৰ অনুমোদন জনাইছে। ডাঃ পেগুৱে আজি এই নতুন ভৱন নিৰ্মাণ হ’বলগীয়া স্থানৰ সবিশেষ বুজ লয়। ইয়াৰ পাছত তেওঁ নৱকুমাৰ মধ্য ইংৰাজী বিদ্যালয়, মনমোহন মজুমদাৰ বালিকা বিদ্যা নিকেতনৰ গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয়। শিক্ষামন্ত্ৰীগৰাকীক এই ভ্ৰমণৰ সময়ছোৱাত শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী, উধাৰবন্দৰ বিধায়ক মিহিৰকান্তি সোম আৰু উত্তৰ শ্ৰীভূমিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই সংগ দিয়ে।
Site Admin | February 6, 2025 6:33 PM
কাছাৰৰ কেইবাখনো বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত মন্ত্রী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ