কাছাৰ আৰক্ষীয়ে মাদকদ্রব্য বিৰোধী অভিযান চলাই কালি কাছুদাৰাম অঞ্চলৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্যসহ এজন লোকক আটক কৰে। জব্দ কৰা মাদকদ্রব্যখিনিৰ বজাৰ মূল্য প্রায় ২ কোটি টকা বুলি আৰক্ষীয়ে জনাইছে। এই সংক্রান্তত আৰক্ষীয়ে লোকজনক সোধাপোছা কৰিছে।
ডিব্ৰুগড়ৰ চাবুৱা আৰক্ষীয়েও কালি অভিযান চলাই হাতীআলি টীয়হজলিয়া গাঁৱৰ দীপজ্যোতি গগৈ নামৰ লোকজনৰ বাসগৃহৰ পৰা বহু পৰিমাণৰ ভাঙৰ পেকেট জব্দ কৰে। আৰক্ষীয়ে এই সংক্রান্তত লোকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে।