নৱবৰ্ষৰ আৰম্ভণিতে কাচাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগে গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান কৰি আশা ব্যঞ্জক অধ্যায়ৰ আৰম্ভ কৰিছে। কৃষিভিত্তিক উদ্ভাৱন, দীৰ্ঘম্যাদী জীৱিকা সৃষ্টিৰ লগতে পৰিৱেশ অনুকূল উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি লক্ষীপুৰ ব্লকক এই স্বীকৃতি প্ৰদান কৰা হৈছে। এই স্বীকৃতিৰ অধীনত জিলা কাৰ্যসূচী আৰু ব্লক কাৰ্যসূচীৰ যোগেদি লক্ষীপুৰ জিৰো ৱেষ্ট আনাৰস উদ্ভাৱণ প্ৰকল্পৰ বাবে ১ কোটি ৬৪ লাখ টকা আৱণ্টন দিয়া হৈছে। ইয়াৰ লগতে লক্ষীপুৰ ব্লকত এবছৰ ৩ মাহৰ বাবে আধুনিক জিৰো ৱেষ্ট আনাৰস উদ্ভাৱণ কেন্দ্ৰ স্থাপন কৰা হ’ব। এই পদক্ষেপৰ মূল উদ্দেশ্যে হৈছে আনাৰস আৰু ইয়াৰ উপজাত সামগ্ৰীৰ সৰ্বাধিক ব্যৱহাৰ নিশ্চিত কৰা, আৱৰ্জনসমূহৰ পৰিমাণ হ্ৰাস কৰা, মূল্য সংযোজন কৰা, কৰ্ম সংস্থাপনৰ সৃষ্টি আৰু পৰিৱেশৰ বহনক্ষমতা বজাই ৰখা। নীতি আয়োগৰ এই স্বীকৃতিক আদৰণি জনাই বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী তথা লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক কৌশিক ৰায়ে কয়, যে এই অনুমোদনে আনাৰস খেতি, কৃষকৰ উন্নয়ন আৰু উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিধায়কজনে লগতে এই অনুমোদনৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।
Site Admin | January 4, 2026 9:21 PM | Cachar District Pineapple cultivation
কাচাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগৰ গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান