কাচাৰ আৰক্ষীয়ে শিলচৰৰ সমীপৰ সোনাবাৰী ঘাট বাইপাচ এলেকাত অভিযান চলাই এখন চাৰিচকীয়া বাহনৰ পৰা বুজন পৰিমাণৰ হেৰইন জব্দ কৰাৰ লগতে ৩ জন সৰবৰাহকাৰীক আটক কৰে। জব্দ কৰা এক কিলোগ্ৰামৰো অধিক হেৰইনৰ বজাৰ মূল্য প্রায় চাৰে ছয় কোটি হ’ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। কাচাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে বাহনখন মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা ৩ দিন পূৰ্বে ৰাওনা হৈছিল। আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এই সন্দৰ্ভত কাচাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
Site Admin | May 25, 2025 8:46 PM | Assam Police | drugs seized Silchar
কাচাৰ আৰক্ষীৰ শিলচৰত চাৰিচকীয়া বাহনৰ পৰা বুজন পৰিমাণৰ হেৰইন জব্দৰ লগতে ৩ জন সৰবৰাহকাৰীক আটক
