ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 24, 2024 12:02 PM | J&K election

printer

কাইলৈ হ’বলগীয়া জম্মু-কাশ্মীৰৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

জম্মু-কাশ্মীৰৰ বিধানসভাৰ কাইলৈ হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই পৰ্যায়ত পাঁচখন জিলাৰ ২৬টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। নির্বাচন হ’বলগীয়া জিলাকেইখনৰ ভিতৰত জম্মু অঞ্চলৰ ৰিয়াছি, ৰাজৌৰি আৰু পুঞ্চ তথা কাশ্মীৰ উপত্যকাৰ শ্ৰীনগৰ আৰু বুড়গাম আছে। এই পৰ্যায়ত প্রায় ২৫ লাখ ৭৮ হাজাৰ যোগ্য ভোটদাতাই ২৩৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ অন্ত পৰে। কেন্দ্ৰীয় শাসিত অঞ্চলটোত তিনিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছে। ৮ অক্টোবৰত ভোটগণনা কৰা হ’ব। উল্লেখযোগ্য যে ১৮ ছেপ্তেম্বৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬১ শতাংশৰো অধিক ভোটগ্রহণ হয়। ১ অক্টোবৰত নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ বাবে ভোটগ্ৰহণ কৰা হ’ব।