আয়ুষ মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত এখন পৃথিৱী এটা স্বাস্থ্যৰ বাবে যোগ বিষয়বস্তুৰে যোগা কানেক্ট শীর্ষক এখন বিশ্ব পৰ্যায়ৰ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। অহা ২১ জুনৰ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত এহেজাৰতকৈও অধিক অংশগ্ৰহণকাৰীয়ে ভাগ লোৱাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় যোগ প্রতিষ্ঠান আৰু স্বাস্থ্য কল্যাণ কেন্দ্ৰৰ প্ৰতিনিধিসকলেও ভার্চুৱেল ব্যৱস্থাৰে অংশ ল’ব। এই শীৰ্ষ সন্মিলনত যোৱাটো দশকজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰভাৱ সম্পৰ্কীয় অধ্যয়নৰ যোগ প্ৰভাৱ শীৰ্ষক প্ৰতিবেদন মুকলি কৰা
হ’ব।
Site Admin | June 13, 2025 8:37 PM | Yoga Day Aayush
কাইলৈ যোগা কানেক্ট শীর্ষক বিশ্ব পৰ্যায়ৰ শীৰ্ষ সন্মিলনৰ আয়োজন
