November 2, 2025 7:40 PM | Jiban Prerona Scheme

printer

কাইলৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি শুভাৰম্ভ

স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত কাইলৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হ’ব। দিছপুৰৰ লোকসেৱা ভৱনত এই উপলক্ষে কাইলৈ বিয়লি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকিব। এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক-যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি আদিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এবছৰলৈ প্ৰতিমাহে দুহেজাৰ ৫০০ টকাকৈ আর্থিক সাহায্য প্রদান কৰা হ’ব। ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা ২০২৫ বৰ্ষত স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।