অসম বিধানসভাৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ’ব। এই উপলক্ষে কালি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু তথ্য আৰু জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাই চৰকাৰী পক্ষৰ হৈ অংশ লয়। বৈঠকত শাসক-বিৰোধীয়ে কেইবাটাও বিষয়ত আলোকপাত কৰে। এইবাৰৰ শীতকালীন অধিৱেশনত উত্থাপনৰ বাবে ১০খন বিধেয়ক তালিকাভুক্ত হৈছে।
অহা ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কর্মদিন থাকিব। কাইলৈ বিগত অধিৱেশনৰ পৰৱৰ্তী কালত দেহাৱসান ঘটা প্রাক্তন সদস্য আৰু ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰা হ’ব। লগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰিব। ২৮ নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বাবে ৰখা হৈছে। অধিৱেশনৰ কেউটাদিনতে প্রশ্নোত্তৰ কাল থাকিব। আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে অসম মন্ত্রীসভাই লোৱা সিদ্ধান্ত অনুসৰি ১৯৮৩ চনত নেলীত সংঘটিত গণহত্যাৰ তদন্ত কৰা ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদন এইবাৰৰ অধিৱেশনত দাখিল কৰা হ’ব। তদুপৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পাকিস্তান সংযোগ বিষয়ক প্ৰসংগই এইবাৰৰ অধিৱেশনত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অধিৱেশনৰ দিনকেইটাত নিশা ৯ বাজি ১৫ মিনিটৰ পৰা বিধানসভাত আজিৰ দিনটো প্ৰচাৰ কৰিব।