ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাইলৈ প্রধানমন্ত্ৰী মোদীয়ে দিল্লীত প্রায় ১১ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত প্রায় ১১ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পৰ ভিতৰত দ্বাৰকা এক্সপ্ৰেছৱে’ৰ দিল্লী খণ্ড আৰু নগৰ সম্প্ৰসাৰণ পথৰ দ্বিতীয় পৰ্যায় আছে। প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে যোগাযোগ উন্নত কৰা, যাত্ৰাৰ সময় হ্ৰাস কৰা আৰু দিল্লী আৰু ইয়াৰ আশ-পাশত এলেকাসমূহত যান-জঁট হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা সৰ্বাত্মক পৰিকল্পনাৰ অধীনত এই প্রকল্প দুটা বিকশাই তোলা হৈছে। প্ৰকল্প দুটা উদ্বোধনৰ লগত সংগতি ৰাখি শ্ৰীমোদীয়ে এটা সমাবেশতো ভাষণ দিব।