ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাইলৈ প্রধানমন্ত্ৰী মোদীৰ বিহাৰৰ জামুই ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিহাৰৰ জামুই ভ্ৰমণ কৰি জনজাতীয় গৌৰৱ দিৱসত অংশগ্রহণ কৰিব। এই দিৱসৰ জৰিয়তেই ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ শুভাৰম্ভ কৰা হ’ব। কাইলৈ পুৱা শ্ৰী মোডীয়ে ভগৱান বীৰছা মুণ্ডাৰ সন্মানত এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰিব।

ইয়াৰ উপৰিও তেওঁ অঞ্চলটোৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ জনজাতীয় লোকসকলৰ উন্নয়ন আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ লক্ষ্যৰে ৬,৬৪০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।