কাইলৈ পেৰিছত ২০২৫ বৰ্ষৰ ‘কৃত্রিম বুদ্ধিমত্তা সন্মিলন’ত প্রধানমন্ত্ৰী মোদীয়ে সহ অধ্যক্ষতা কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ’ব। চাৰিদিনীয়া ভ্ৰমণ সূচীৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ফ্ৰান্সৰ পেৰিছত কাইলৈ হ’বলগীয়া ২০২৫ বৰ্ষৰ কৃত্রিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰিব। তেওঁ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রোৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয় সন্দৰ্ভত আন এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মাৰ্চেইলত ভাৰতৰ নতুন বাণিজ্যিক দূতাবাস মুকলি কৰিব। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্রদূত সঞ্জীৱ কুমাৰ ছিংলাই কয়, যে সমগ্র বিশ্বতে কৃত্রিম বুদ্ধিমত্তাক যাতে কেইগৰাকীমান ব্যক্তি অথবা কেইটামান প্রতিষ্ঠানে একচেতিয়া সম্পত্তি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাই হৈছে ভাৰতৰ মূল উদ্দেশ্য। উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত যাতে অত্যাধুনিক তথ্যপ্রযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ভিন্নতা নাহে তাৰ বাবে কৃত্রিম বুদ্ধিমত্তা সুৰক্ষিত আৰু বিশ্বাসযোগ্য হৈ থাকিব লাগিব বুলিও শ্রীছিংলাই উল্লেখ কৰে। ইয়াৰ জৰিয়তে ভাৰত, মধ্যপ্রাচ্য আৰু ইউৰোপৰ মাজৰ অৰ্থনৈতিক সহযোগিতা অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। অহা ১২ ফেব্ৰুৱাৰীত তিনিদিনীয়া ফ্রান্স ভ্রমণ সামৰি শ্ৰীমোদী আমেৰিকালৈ ৰাওনা হ’ব। দুদিনীয়া এই ভ্রমণসূচীত তেওঁ দেশখনৰ সৈতে ভাৰতৰ বাণিজ্য আৰু কৌশলগত সহযোগিতা তথা প্ৰযুক্তি অংশীদাৰিত্ব আদি বিষয় সন্দৰ্ভত আলোচনা কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।