কাইলৈ পুৱা ৯.৩০ বজাত প্ৰাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ অন্তিম যাত্ৰা

নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা কাইলৈ পুৱা চাৰে ন বজাত প্ৰাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ অন্তিম যাত্ৰা আৰম্ভ হ’ব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ আজি তেওঁৰ দিল্লীৰ বাসগৃহত জনসাধাৰণৰ অন্তিম দৰ্শনৰ বাবে ৰখা হব। তেওঁ লগতে কয়, যে কাইলৈ পুৱা প্ৰয়াত মনমোহন সিঙৰ পাৰ্থিৱ দেহ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা লৈ যোৱা হব আৰু তাত জনসাধাৰণ তথা দলীয় কৰ্মীসকলে নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰিব। পাছত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।