ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাইলৈ পুৱা ৮ বজাৰ পৰা ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ’ব। গোৱালপাৰা আৰু আমিনগাঁৱত কাইলৈ ভোটগণনা কৰা হ’ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ’ব। ভোটগ্রহণ হোৱা বেলট বাকচসমূহ বর্তমান জিলা আয়ুক্ত কাৰ্যালয়ত স্থাপন কৰা ষ্ট্রং ৰূমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে।
ৰাজ্যিক নির্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কালি পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাত ৬৭.৫৫ শতাংশ আৰু গোৱালপাৰা জিলাত ৬৯.০৮ শতাংশ ভোটদান হয়।
পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ দৰিদুৰি সমষ্টিত সর্বাধিক ৮০.৩৫ শতাংশ ভোটদান হোৱাৰ তথ্য পোৱা গৈছে। কামৰূপ জিলাৰ জৰিহাট সমষ্টিত সর্বনিম্ন ৫৭.৬২ শতাংশ ভোটদান হোৱা বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।