কাইলৈ নলবাৰীত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

কাইলৈ নলবাৰীত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰি অহা এই কেবিনেট বৈঠকৰ বাবে নলবাৰী জিলা প্ৰশাসনে ইতিমধ্যে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বৈঠকখন আজি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও জনসংযোগৰ এটা বিবৃতিত স্থগিত ৰখাৰ কথা প্ৰকাশ কৰে। আনহাতে, অহা ২৯ আৰু ৩০ জুনত দুদিনীয়াকৈ লখিমপুৰত অনুষ্ঠিত হ’বলগীয়া জিলা আয়ুক্তসকলৰ বৈঠকখনৰো দিন সলনি কৰা হৈছে। সেই অনুসৰি এই বৈঠক অহা ২ আৰু ৩ জুলাইত লখিমপুৰত অনুষ্ঠিত হ’ব।