কাইলৈ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব মন্ত্রী অমিত শ্বাহে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। ১৬৭ কোটি ৪০ লাখ টকাৰ ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে ৪২৫ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকী যোৰহাট হৈ আইজললৈ যাত্ৰা কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্রায় ডেৰশ বছৰ পুৰণি ছাউনীটো আইজল নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জোখ’ছাঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল’ব। উল্লেখযোগ্য যে, যোৱা বছৰৰ ২৩ অক্টোবৰত নতুন দিল্লীত মিজোৰাম চৰকাৰ আৰু আছাম ৰাইফলছ বাহিনীৰ মাজত সম্পাদিত চুক্তি অনুসৰি আইজল নগৰৰ সোঁমাজত থকা আছাম ৰাইফলছৰ ঘাটি আইজলৰ পৰা জোখ’ছাঙলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই চুক্তি অনুসৰি আছাম ৰাইফলছৰ আইজলৰ খাটলাত থকা মিজোৰাম খণ্ডৰ আঞ্চলিক চৌহদ আৰু টুইখোৱটলাঙৰ ৰাজভৱনৰ সমীপত থকা উপ-আৰক্ষী মহাপৰিদৰ্শকৰ চৰকাৰী বাসভৱন স্থানান্তৰিত কৰা নহয়। উল্লেখযোগ্য যে, জোখ’ছাঙত বাহিনীটোৰ মূল শিবিৰৰ নিৰ্মাণৰ কাম গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা বছৰৰ এপ্ৰিল মাহত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আইজলৰ পৰা গুৱাহাটীলৈ উভতি আহি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত নিশাটো অতিবাহিত কৰিব। পৰহিলৈ গৃহমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে শ্ৰীশ্বাহে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।