কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্রমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্রকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
গৃহমন্ত্রী শ্রী শ্বাহে একেদিনাই গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তালয় আৰু খানাপাৰাত নৱ-নিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। ৫ হাজাৰ খন আসনযুক্ত এই প্রেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ২৯ ডিচেম্বৰৰ বিয়লি ৪ বজাত আয়োজিত এটা অনুষ্ঠানত প্ৰেক্ষাগৃহটো উদ্বোধন কৰিব৷ আনহাতে, আৰক্ষী আয়ুক্তালয়ৰ নৱ নিৰ্মিত ৮ মহলীয়া ভৱনটো উন্নত প্রযুক্তিৰে সজ্জিত কৰা হৈছে। ইয়াত অন্যান্য সা-সুবিধাৰ লগতে গুৱাহাটী স্মার্ট ছিটি প্ৰকল্পৰ জৰিয়তে নির্মিত মহানগৰীৰ দুহেজাৰৰো অধিক চি চি টিভি নিৰীক্ষণৰে সমৃদ্ধ সংহত নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা কেন্দ্ৰ থাকিব। ভৱনটোৰ চতুৰ্থ মহলাত থকা এই কেন্দ্ৰটো গৃহমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব।