প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যাব। দেশ দুখনৰ মাজৰ পাৰস্পৰিক সহযোগিতা তথা বন্ধুত্বপূর্ণ সম্পর্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী মোদী দেশখনলৈ যাব। এই ভ্ৰমণকালত শ্ৰী মোদী আৰু ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংছুকে ১০২০ মেগাৱাট উৎপাদন ক্ষমতা সম্পন্ন পুনাছাংছু-টু জলবিদ্যুৎ প্রকল্প মুকলি কৰিব। এই প্রকল্প ভাৰত আৰু ভূটানে যুটীয়াভাৱে বিকশাই তুলিছে। প্রধানমন্ত্ৰীয়ে লগতে ভূটানৰ চতুৰ্থ ৰজা জিগমে ছিংগ্যে ৱাংছুকৰ ৭০ সংখ্যক জন্মবার্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰি দেশখনৰ প্ৰধানমন্ত্ৰী ছেৰিং টোবগেক সাক্ষাৎ কৰিব।
প্রধানমন্ত্রী মোদীয়ে বিশ্ব শান্তি প্ৰাৰ্থনা মহোৎসৱত ভাগ ল’ব আৰু থিঙ্কুৰ টাশ্বিছোদজোঙত বুদ্ধৰ পৱিত্ৰ অৱশেষৰ পূজা-অৰ্চনা কৰিব। ভূটানত থকা ভাৰতৰ ৰাষ্ট্রদূত চন্দীপ আৰিয়াই আকাশবাণীৰ আগত জানিবলৈ দিছে যে প্রধানমন্ত্রী মোদীয়ে দেশখন ভ্ৰমণ কৰাটো উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে। তেওঁ কয় যে প্রধানমন্ত্রী মোদীৰ এই ভ্রমণে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ উপৰি পাৰস্পৰিক স্বার্থ জড়িত আঞ্চলিক তথা বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে।