কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। একেদিনাই গৃহমন্ত্ৰী শ্বাহে গুৱাহাটীৰ নতুন আৰক্ষী কাৰ্যালয় আৰু দুহেজাৰৰো অধিক চি চি টিভি নিৰীক্ষণৰে সমৃদ্ধ সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ উদ্বোধন কৰিব। এই কেন্দ্ৰই ৰাজ্যত সুৰক্ষা আৰু জৰুৰীকালীন সেৱাৰ ব্যৱস্থাক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। তেওঁ লগতে জ্যোতি-বিষ্ণু নামেৰে নামকৰণ কৰা এটা প্ৰেক্ষাগৃহও উদ্বোধন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।