November 1, 2024 7:47 PM

printer

কাইলৈ দিনজোৰা কাৰ্যসূচীৰে দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান

কামৰূপ জিলাৰ হাজো অঞ্চলৰ দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান কাইলৈ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। মহাজত জয়ন্তী উপলক্ষে কাইলৈ পুৱাৰ ভাগত অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে পতাকা উত্তোলন কৰিব। অভিনেতা চম্পক শৰ্মাই বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব। অনুষ্ঠানৰ মূল সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ননীগোপাল মহন্ত মুখ্য অতিথি আৰু কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।