ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 8, 2024 5:50 PM | Assam capaign

printer

কাইলৈ ডিব্ৰুগড় আৰু শোণিতপুৰৰ জনসমাবেশত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্ৰহণ

লোকসভাৰ পাঁচখন আসনৰ বাবে অসমত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ ডিব্ৰুগড় আৰু শোণিতপুৰত জনসমাবেশত অংশ ল’ব। মন্ত্রী শ্বাহৰ লগতে সমাবেশসমূহত মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব। আম আদমী পাৰ্টিৰ নেত্ৰী আতিশীয়ে ডিব্ৰুগড়ৰ দুলীয়াজানত আয়োজিত ৰোড শ্বত অংশগ্ৰহণ কৰিছে। কাইলৈ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, ৰাষ্ট্ৰীয় মুখ্য সম্পাদক জীতেন্দ্ৰ সিং আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈয়েও বিভিন্ন ঠাইত নির্বাচনী প্ৰচাৰ অভিযানত অংশ ল’ব । আনহাতে, আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৫ খন আসনৰ বাবে ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ বুলি ঘোষণা কৰা হৈছে।