জুবিন গাৰ্গৰ ওপজা দিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু শিল্পীগৰাকীৰ অনুৰাগী সমাজে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে ৰাজ্যৰ ৫৩টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ’ব বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। বিটিআৰ প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে কাইলৈ কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত ৩০ বিঘা ভূমি সামৰি নিৰ্মাণ হ’বলগীয়া জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা বিটিআৰৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰিব। ইয়াৰ লগতে গৌৰাং নৈৰ পাৰত বিটিআৰৰ পাঁচখন জিলাৰ প্ৰায় ২৫ হাজাৰ শিল্পী আৰু অনুৰাগীয়ে অসমীয়া আৰু বড়ো ভাষাত জুবিন গাৰ্গৰ সৃষ্টি মায়াবিনী গীতটি পৰিৱেশন কৰিব।
সদৌ অসম ছাত্ৰ সন্থাই তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন গাৰ্গৰ ওপজা দিন পালন কাৰ্যসূচীৰ অংশ হিচাপে কালি ৰাজ্যজুৰি ৰং তুলিকাৰ এদিনৰ আয়োজন কৰে। জুবিন গাৰ্গ : চিন্তা আৰু সৃষ্টি শীৰ্ষক বিষয়ত সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰ আৰু ৰাজহুৱা স্থানত চিত্রশিল্পী আৰু ছাত্ৰ-ছাত্ৰীসকলে চিত্রাংকন কৰে। আজি অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই নিজ নিজ জিলাত ৫৩ টাকৈ গছপুলি ৰোপণ কৰিব। কাইলৈ জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত অসমৰ প্ৰতিখন জিলাৰ সদৰত মানৱ শৃংখল কৰা হ’ব আৰু সন্ধিয়ালৈ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। গুৱাহাটীৰ সচেতন নাগৰিক সমাজে জুবিন গাৰ্গৰ জন্মদিন পালনৰ বাবে দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে। সেই অনুসৰি শিল্পীগৰাকীৰ সৃষ্টিৰাজি উদযাপন কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীৰ আমবাৰীস্থিত দীঘলীপুখুৰীৰ পাৰত জুবিন গাৰ্গৰ গীত, কথা আৰু কবিতাৰে এসন্ধ্যা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ গছৰ দিন উদযাপন কৰা হ’ব।
ইপিনে অসম গণ পৰিষদ দলে শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে কাইলৈ ৰাজ্যজুৰি স্বাভিমান দিৱসৰ অংশ হিচাপে গুৱাহাটীৰ লক্ষ্মীধৰ বৰা ক্ষেত্ৰত এটা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰাজ্যখনৰ প্ৰায় ৩০০ শিল্পী অহা ১৯ নৱেম্বৰৰ সন্ধিয়া গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সমবেত হ’ব। বিয়লি ৫ বজাৰ পৰা হ’বলগীয়া এই শ্রদ্ধাঞ্জলি অনুষ্ঠান দর্শকসকলে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে।