November 21, 2025 11:23 AM | Test cricket

printer

কাইলৈ গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ’ব। অসম ক্ৰিকেটৰ ৭৬ বছৰীয়া ইতিহাসত ৰাজ্যখনত হ’বলগীয়া এই প্রথমখন টেষ্টৰ বাবে বি চি চি আই তথা অসম ক্রিকেট সন্থাই প্রস্তুতি সম্পূৰ্ণ কৰিছে। দুয়োটা দলে কালি বহু সময় ধৰি অনুশীলন কৰে। ভাৰতে আজি পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দক্ষিণ আফ্রিকাই দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুশীলন চলাব। উল্লেখযোগ্য যে চলিত শৃংখলাটোত দক্ষিণ আফ্রিকাই কলকাতাত অনুষ্ঠিত প্রথম টেষ্টত জয়লাভ কৰি ১-০ৰ অগ্রগতি লাভ কৰি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।