অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ’ব। শিক্ষাৰ্থীসকলে কাইলৈ পুৱা ৯ বজাৰ পৰা নিৰ্দিষ্ট ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ মাৰ্কশ্বিটসমূহ ডাউনল’ড কৰিব পাৰিব। তেওঁলোকে মোবাইল এপৰ জৰিয়তেও মার্কশ্বিটসমূহ চাব পাৰিব। www.ahsec.assam.gov.in, www.assamresult.in, www.result.shiksha, www.schools9.com, assamjobalerts.com আদিকে ধৰি মুঠ ১২টা ৱেবছাইটত শিক্ষাৰ্থীসকলে নিজৰ ৰোল, নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নম্বৰ দি মাৰ্কশ্বিটসমূহ ডাউনল’ড কৰিব পাৰিব। তদুপৰি এন্ড্রইড মোবাইলত উপলব্ধ এপ ডাউনল’ড কৰি ফলাফল লাভ কৰিব পাৰিব। বিদ্যালয়ৰ শিক্ষা পৰিষদৰ দুই নম্বৰ সংমণ্ডলে প্রকাশ কৰা জাননী অনুসৰি উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ ছপা মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰ পৰৱৰ্তী সময়ত প্ৰদান কৰা হ’ব। পৰীক্ষাত অনুত্তীর্ণ শিক্ষার্থীসকলক ছপা মার্কশিট প্ৰদান কৰা নহয়। অৱশ্যে অনুত্তীৰ্ণ হোৱা কোনো শিক্ষার্থীয়ে ছপা মার্কশ্বিট ল’ব বিচাৰিলে পৰিষদৰ কাৰ্যালয়ত পৃথকভাৱে আবেদন কৰিব লাগিব। কোনো পৰিক্ষাৰ্থীয়ে উত্তৰবহী পুনৰ নিৰীক্ষণৰ লগতে উত্তৰবহীৰ প্ৰতিলিপি বিচাৰিলে বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। ফলাফল ঘোষণা কৰাৰ দুদিনৰ পাছত প’ৰ্টেল লিংক মুকলি কৰা হ’ব। উল্লেখযোগ্য যে এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ ৩,০২,৪২০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
Site Admin | April 29, 2025 6:54 PM | AHSEC Result
কাইলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল ঘোষণা
