ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র ঈদ-উল আজহা কাইলৈ পালন কৰা হ’ব। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। কাইলৈ ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ ছাফ চিকুণ কৰি সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে কাইলৈ পুৱা ঈদ নামাজ পঢ়া হ’ব। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ২০০ ৰো অধিক ঈদগাহত প্ৰায় ৪ লাখ লোকে ঈদ সমূহীয়া নামাজ পঢ়িব। ঈদৰ সময়ত কোনো ঠাইতে যাতে অপ্রীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্রশাসনে আজি ঈদ সমিতি আৰু আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয়। গুৱাহাটী মহানগৰীৰ বজাৰসমূহতো ঈদ উপলক্ষে উচাহ পৰিলক্ষিত হৈছে। বিভিন্ন ঠাইৰ পৰা আহি কৰ্মসংস্থাপনৰ বাবে মহানগৰীত বসবাস কৰা বহুসংখ্যক লোকে ঈদ উপলক্ষে নিজ নিজ গৃহ চহৰলৈ যাত্ৰা কৰাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ জালুকবাৰী, আদাবাৰী, আই এছ বি টিঁকে ধৰি বিভিন্ন স্থানত যথেষ্ট ভিৰ পৰিলক্ষিত হয়। ইয়াৰ ফলত আজি গুৱাহাটী মহানগৰীত জনসমাগমো যথেষ্ট কম হোৱা দেখা যায়।
Site Admin | June 6, 2025 9:05 PM | Akashvani | Akashvani News | Eid | eid uz zuha 2025
কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র ঈদ-উল আজহা
