উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ’ শ্ৰোতা সংঘ মাজুলীৰ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্ৰোতা প্ৰেৰণা বঁটা ২০২৫ কাইলৈ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰক প্ৰদান কৰা হ’ব। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্ৰীবৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হৈছে। ২০১০ চনৰ ২৫ ডিচেম্বৰত জিলাখনৰ মুদৈবিলত প্ৰতিষ্ঠা লাভ কৰা এই সংঘই মূলতঃ ৰেডিঅ’ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। সংঘই ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ৰেডিঅ’ৰ সৈতে জড়িত একোগৰাকী ব্যক্তিক শ্রোতা প্ৰেৰণা বঁটা আৰু এগৰাকী শ্ৰোতাক বছৰটোৰ শ্ৰেষ্ঠ অনাতাঁৰ শ্রোতাবন্ধু বঁটা প্ৰদান কৰে। এই বছৰৰ বাবে অনাতাঁৰ শ্রোতাবন্ধু বঁটা দুগৰাকী শ্রোতা ধেমাজিৰ চিচি কেৰেকনি মাজগাঁৱৰ মহেশ্বৰ চুতিয়া আৰু তিনিচুকীয়া কাকপথাৰ ১ নম্বৰ তেজী গাঁৱৰ দীপক মৰাণলৈ আগবঢ়োৱা হৈছে। কাইলৈ মাজুলীৰ শ্ৰীশ্ৰী এলেংগি টকৌবাৰী সত্ৰত হ’বলগীয়া অনাতাঁৰ মৰম পৰিয়ালৰ ষোড়শ প্রতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হ’ব। বঁটা এটাকৈ ৰেডিঅ’ চেট, স্মাৰক, জাপি, সম্বৰ্দ্ধনা পত্র, অংগবস্ত্র, কিতাপৰ টোপোলা আৰু একোটাকৈ গছপুলি প্ৰদান কৰা হ’ব।
Site Admin | December 24, 2025 8:19 PM | Srota Prerana Award
কাইলৈ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰলৈ শ্ৰোতা প্ৰেৰণা বঁটা ২০২৫ প্ৰদান