ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাইলৈ অন্ধ্রপ্রদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনা

লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্রপ্রদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাত আৰম্ভ হ’ব। ইয়াৰ উপৰি কেইখনমান বিধানসভা আসনৰ বাবে উপ নির্বাচনৰ ভোটগণনাও কাইলৈ অনুষ্ঠিত হ’ব। মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু ড০ সুখবীৰ সিং সান্ধুৱে সকলো মুখ্য নির্বাচনী বিষয়া আৰু ৰিটাৰ্ণিং বিষয়াৰ সৈতে ভোটগণনাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলাইছে। নির্বাচন আয়োগে কৈছে যে, ভোটগণনাৰ ধাৰা আৰু ফলাফল আয়োগৰ ৱেৱছাইট results.eci.gov.in আৰু ভোটাৰ হেল্পলাইন এপত উপলব্ধ হ’ব। গুগল প্লেষ্ট’ৰ অথবা এপল প্লেষ্ট’ৰৰ পৰা ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰিব পৰা যাব।