■ ভাৰত-ইংলেণ্ডৰ মাজত পাঁচখনীয়া ক্রিকেট টেষ্ট শৃংখলা কাইলৈৰ পৰা আৰম্ভ হব। ইতিমধ্যে দুয়োটা দলে এই শৃংখলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ পূৰ্বে বিৰাট কোহলিৰ আমন্ত্ৰণ মর্মে অধিনায়ক শুভমন গীল, সহঃ অধিনায়ক ঋষভ পণ্ট, মহম্মদ চিৰাজকে ধৰি কেইবাগৰাকী ক্রিকেটাৰে কোহলিৰ লণ্ডনস্থিত বাসগৃহত উপস্থিত হয়। আটাইকেইগৰাকী খেলুৱৈৰ সৈতে বিৰাট কোহলিয়ে মত-বিনিময় কৰাৰ উপৰি একেলগে আহাৰ গ্ৰহণ কৰে। কোহলিয়ে আগন্তুক ‘তেণ্ডুলকাৰ- এণ্ডাৰছন’ ট্ৰফীৰ বাবে খেলিব লগা টেষ্ট শৃংখলাৰ নৱনিযুক্ত অধিনায়ক গীলক শুভেচ্ছা জ্ঞাপন কৰে ৷ ভাৰত- ইংলেণ্ডৰ মাজত হবলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ কাইলৈ ইংলেণ্ডৰ লীডচত অনুষ্ঠিত হব।
Site Admin | June 19, 2025 12:01 PM | Cricket | Indian Sports
কাইলৈৰ পৰা ভাৰত-ইংলেণ্ডৰ মাজত পাঁচখনীয়া ক্রিকেট টেষ্ট শৃংখলা আৰম্ভ
