কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত কাইলৈ পুৱা চাৰে ৭ বজাত জীপ ছাফাৰী আৰম্ভ হ’ব। দুৱাৰ মুকলি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থকাৰ কথা। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই দুৰ্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। পৰিবহণ বিভাগে জীপসমূহৰ পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰাৰ উপৰি চালকৰ প্ৰশিক্ষণো সম্পূৰ্ণ কৰিছে। কাইলৈ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰা হ’ব। ইপিনে কাজিৰঙাৰ কঁহৰা বনাঞ্চল অহা অক্টোবৰৰ দ্বিতীয় সপ্তাহত আৰু হাতী ছাফাৰী ১ নৱেম্বৰত মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি উদ্যান কর্তৃপক্ষই প্ৰকাশ কৰিছে। ৰাজ্যৰ অন্য এখন বিশ্ব ঐতিহ্যক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যান কালিৰেপৰা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।