কাইলৈৰ পৰা নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ

■ ৰাজ্যত কাইলৈৰ পৰা নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া সভাত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰা হ’ব বুলি কালি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল যোগে জানিবলৈ দিয়ে। খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কাইলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰিব। নৱেম্বৰ মাহৰ পৰা ডি বি টিৰ জৰিয়তে ছাত্ৰীসকলৰ বেংক একাউণ্টত ধন সোমাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নিযুত মইনা আঁচনি হৈছে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এটা পদক্ষেপ। এই আঁচনিৰ জৰিয়তে আগন্তুক তিনিটা বৰ্ষত ১০ লাখ ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চলিত বৰ্ষত এই আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে ৰাজকোষৰ ২৪০ কোটি টকা ধন ব্যয় কৰিব ৷ নিযুত মইনা আঁচনিৰ অধীনত একাদশ শ্রেণীত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে মাহিলি এহেজাৰ টকাকৈ ১০ মাহৰ বাবে মুঠ ১০ হাজাৰ টকা লাভ কৰিব। একেদৰে স্নাতক প্রথম বৰ্ষত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীক ৰাজ্য চৰকাৰে ১০ মাহৰ বাবে ১,২৫০ টকাকৈ প্ৰদান কৰিব। স্নাতকোত্তৰ পাঠ্যক্রম তথা বিয়েডত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীক এই আঁচনিৰ অধীনত ১০ মাহৰ বাবে মাহিলি ২,৫০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিব।